03/02/2023
LIC's total holding under equity and debt is Rs. 35,917.31 Crores as on 31.12.2022 under Adani group of companies. The total purchase value of equity, purchased over the last many years, under all the Adani group companies is Rs. 30,127 Crores and the market value for the same as at close of market hours on January 27th, 2023 was Rs.56,142 Crores crores. The total amount invested under Adani Group amounts to Rs. 36,474.78 Crores as on date. These investments have however been made over a period. Further it may be appreciated that the credit rating of all of the Adani debt securities held by LIC are AA and above which is in compliance with the IRDAI investment regulations as applicable to all the Life Insurance companies.
The total Assets Under Management by LIC are over Rs. 41.66 lakh crore as at September 30, 2022. Therefore, LIC's exposure in the Adani group, as on date, is *0.975%* of LIC's Total AUM *at book value .*
LIC is a 66 year old institution of repute and standing and continues to follow strict investment framework compliant with applicable guidelines and regulations. It is also important to note that while the market value of assets can change in either direction , LIC invests from a long term perspective and based on detailed due diligence. LIC follows a robust procedure for *valuation of its liabilities* and determination of solvency margin in order to ensure its financial soundness on continued basis. The available solvency margin of LIC as at September 2022 was well above the target solvency level of 160%. LIC Board and its management is committed to and conscious of its responsibilities towards all the stakeholders and will continue to follow appropriate principles and practices to safeguard their interests at all the times.
ADANI GROUP আৰু LIC
যোৱা দুদিনৰ পৰা আদানি গ্ৰুপ নামৰ ৫ টি ব্যৱসায় প্ৰতিষ্ঠানৰ SHARE PRICE হঠাৎ যথেষ্ট কমি যোৱাৰ বাবে সাংঘাটিক হুলস্থুল আৰম্ভ হৈছে। ইয়াৰ লগত SBI আৰু LIC কো সাঙুৰি লোৱা হৈছে। কোৱা হৈছে যে, ADANI GROUP নিজেতো ডুবিলেই, লগতে LIC আৰু SBI কো লগতে ডুবাই মাৰিব।
আমি যিহেতু প্ৰত্যক্ষভাৱে LIC ৰ লগত জড়িত, সেয়ে আমি LIC ৰ বিনিয়োগৰ বিষয়ে অলপ জনা দৰকাৰ। LIC য়ে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰা ধন বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰে , তাৰে ভিতৰত SHARE MARKET বা ইকুইটি মাৰ্কেট অন্যতম।
কোনো এটা বিত্তীয় প্ৰতিষ্ঠানৰ যিমান পৰিমাণৰ ধন বিনিয়োগযোগ্য হয়, সেই ধনৰাশিক Asset under management (AUM) বুলি কোৱা হয়। IRDA ৰ প্ৰতিবেদন মতে 31/03/2022 ত LIC ৰ সেই AUM হৈছে 49.52 লাখ কোটি টকা। অৰ্থাৎ LIC য়ে 2021/22 বিত্তীয় বৰ্ষত প্ৰায় 50 লাখ কোটি টকা বজাৰত বিনিয়োগ কৰিব পাৰিলেহেঁতেন, সেই ৰাশিৰ পৰা LIC য়ে যোৱা বিত্তীয় বৰ্ষত 37 লাখ কোটি টকা বিনিয়োগ কৰে। এই বিনিয়োগ Govt Securities, Loans, Debenture bonds, Certificates, Venture fund s, mutual fund আদিত কৰা হয়। LIC য়ে MUTUAL FUND ত Blue Chip কোম্পানীকে আদি কৰি বহু কোম্পানীত বুজন পৰিমাণৰ ধন বিনিয়োগ কৰে আৰু তাৰ পৰা যথেষ্ট লাভ অৰ্জন কৰি আহিছে। উদাহণস্বৰূপে, ২০২০-২১ বিত্তীয় বৰ্ষত LIC য়ে EQUITY মাৰ্কেটৰ পৰা ৩৬,০০০ কোটি টকা লাভ অৰ্জন কৰে। ২০২১-২২ বৰ্ষত এই লাভৰ পৰিমাণ ৪২,০০০ কোটি টকালৈ বৃদ্ধি পায়।
কোৱা বাহুল্য যে, STOCK MARKET বা EQUITY MARKET ত SHARE PRICE ৰ উঠা নমা সাগৰৰ জোৱাৰ ভাটাৰ নিচিনা, নিতান্তই স্বাভাৱিক কথা। ECG গ্ৰাফ ডাল যেনেকৈ সৰল ৰেখাৰ দৰে হব নোৱাৰে, STOCK MARKET ও কেতিয়াও স্থবিৰ হব নোৱাৰে। ইয়াত SHARE PRICE ৰ উঠা নমা হৈয়েই আছে, হৈয়েই থাকিব।
এতিয়া ADANI গ্ৰুপৰ কথালৈ আহো। ২০২০ চনৰ ছেপ্টেম্বৰ মাহত ADANI ENTERPRISES ৰ একোটা SHARE ৰ মূল্য প্ৰায় ১৫০/- টকাৰ ভিতৰত আছিল। LIC য়ে তেতিয়াই ADANI গ্ৰুপত বিনিয়োগ কৰিছিল। পাছলৈ ADANI গ্ৰুপৰ পাঁচটা কোম্পানীত LIC ৰ বিনিয়োগ পৰ্য্যায় ক্ৰমে বৃদ্ধি পায়।
বিনিয়োগ কৰাৰ তাৰিখৰ পৰা SHARE বিক্ৰী কৰাৰ সময়লৈ MARK TO MARKET বুলি কোৱা হয়। LIC য়ে ADANI গ্ৰুপৰএই SHARE কিনাৰ পৰা বেচালৈ MARK TO MATKET কিমান লাভ পালে, আজিৰ তাৰিখত সেয়াও বিচাৰ্য বিষয়। ২০২০ ৰ ছেপ্টেম্বৰ মাহত প্ৰতিটো SHARE ১৫০ টকাৰ দৰত কিনা সময়ৰ পৰা আজিৰ তাৰিখত ADANI গ্ৰুপৰ SHARE ৰ মূল্য কিমান বাঢ়িল, সেইটো আমি জনা উচিত। যোৱা ২৪ জানুৱাৰী পৰ্য্যন্ত adani enterprises ৰ SHARE PRICE আছিল ৩৩৪৬ টকা, আৰু আজিৰ তাৰিখতো ইয়াৰ এটি share ৰ মূল্য ২৭১২ টকা। কোৱা বাহুল্য যে, LIC য়ে এই SHARE ১৫০ টকা থকাৰ পৰাই কিনিছিল, আৰু শেহতীয়াকৈ কিনা SHARE বিলাকহে ৩০০০ টকাৰ ওচৰে পাজৰে কিনিছিল আৰু গড় হিচাপত প্ৰতিটো SHARE ৰ বাবদ LIC ৰ হোৱা খৰচ এতিয়াও ২৭১২ টকাতকৈ বহু কম।
LIC ৰ বিশ্বস্ত সূত্ৰ মতে, LIC য়ে ADANI গ্ৰুপৰ SHARE PRICE পতনৰ পিছতো আজিৰ তাৰিখত ADANI গ্ৰুপৰ SHARE ৰ পৰা MARK TO MATKET প্ৰায় তিনিগুণৰ বেছি লাভ অৰ্জন কৰি আছে।
২০১৯ চনত ৰাজহুৱা খণ্ডৰ বেংক IDBI ডুবিবলৈ ওলোৱাত LIC য়ে ২১,৬০০ কোটি টকা বিনিয়োগ কৰি সেই বেংক ৰক্ষা কৰিছিল। হাস্যকৰ কথা যে এতিয়া আদানি গ্ৰুপৰ SHARE ত LIC ৰ ১৬,৩০০ কোটি টকা NOTIONAL LOSS হোৱা বাবে LIC ৰ ভয়ানক লোকচান হল বুলি প্ৰচাৰ চলিছে। পুনৰবাৰ কওঁ, LIC য়ে এই NOTIONAL LOSS নিজৰ প্ৰকৃত বিনিয়োগৰ পৰা কৰা নাই, যি আপেক্ষিক লোকচান হৈছে, সেইয়া লাভৰ পৰিমানৰ পৰাহে হৈছে, নিজৰ প্ৰকৃত মূলধনৰ পৰা এটা টকাও লোকচান হোৱা নাই, বৰং এতিয়াও প্ৰায় ৩ গুণ লাভ কৰি আছে।এই ১৬,৩০০ কোটি টকা NOTIONAL LOSS বুলি এইবাবে কোৱা হৈছে যে, LIC য়ে আজিৰ তাৰিখত নিজৰ লগত থকা ADANI গ্ৰুপৰ সমূহ SHARE বিক্ৰী কৰিলেহে এই লোকচান ভৰিব লগীয়া হব। তাকে নকৰি ভাল দিনত SHARE বিক্ৰী কৰিলে সেই লোকচান নহয়। LIC য়ে ইতিমধ্যে স্পষ্ট কৰিছে যে, LIC য়ে এই SHARE এতিয়া বিক্ৰী নকৰে।
EQUITY মাৰ্কেটত LIC এটা ডাঙৰ নাম, এনেকুৱা উত্থান পতন LIC য়ে বহুবাৰ দেখিছে, গতিকে এই অতি সাময়িক মন্দা অৱস্থাৰ বাবে LIC তিলমানো চিন্তিত নহয়।
শেষত কওঁ, ৰাইজৰ মৰম তথা অনুগ্ৰহত LIC এক সুদৃঢ় পৰিকাঠামোৰ ভেঁটিত প্ৰতিষ্ঠিত। LIC আপোনাৰ বাবে, জিন্দেগী কে সাথ ভী, জিন্দেগী কে বাদ ভী।