Bhadoi Panchali ভাদৈ পাঁচআলি

Bhadoi Panchali ভাদৈ পাঁচআলি A HISTORICAL PLACE OF AHOM KINGDOM One day when the prince was in the way to Namchang from Joypore he was about to captured by the royal military of Loraroja.

Tipam's BHADOI
(a small but imperative chapter of Ahom's History)




“ Rohat Rohdoi Tipamar Bhadoi
Salagurir Aghoni bai…
Tiniu’re dingit dhari tiniu-a kandile
Hamandhat aku-a nai…………. “




……………………..In the reign of the Ahom King Sulikfa or Loraroja; Godapani, a royal prince from Tungkhangia dynasty escaping in disguised form just to bring a revolution against that immature, cruel, undesirable &

undeserving king . It was a very tough situation to him : he used his presence of mind and had a better escape; he told his problem after giving his intro to three unknown Lady Shop – keepers who were coming to the market place for selling their goods and were taking rest under the shade of a tree as they felt tired after coming from three different remote places(even they didn't know each other). They were ‘ROHDOI’ of RAHANPATHER , ‘BHADOI’ of TIPAM and ‘AGHONI’ of SALAGURI . They quickly acted accordingly Godapani had instructed them to do : They cover Godapani’s whole body by their body-cloths as Godpani also quickly acted as a dead-person by laying on the ground; all the three were crying loudly and perfectly saying their husband had gone to the Heaven ,leaving them alone and how could they live after him. By this technique they were able to hide Langi Godapani among them and the kings personnel never came to know that the body laying was of Langi Godapani's . After a few struggle and fight finally Godapani had came to power and announced reward to all the three. Also he placed three towns in the name of the three Lady Shop – Keeper to show his ultimate gratitude to them. Thus, Bhadoi Nagar was established and this historical place is now known as Bhadoi Panchali because it connected five road at the centre; panch= five, ali=road, therefore Panchali. This Junction of five roads leading to Duliajan in the west, Digboi in the north-east; Bhadoi Nagar ->Chapatoli ->phekala-> Soraipung in the east; Santi T.E. -> Goriabam->hills of Dhekiajuli and Dhekiajuli T.E. and Tipam(earlier it was a sub kingdom of Ahom's, a hilly place)) in the south and NEEPCO, Bakuloni Chariali in the north respectively. This historical help although seemed to be very small but it is for which he, Godapani could able to escape in Nagapahar and also able to unite his supporters to form his brigades to fight against the king's army. He defeated that immature king and killed his hypocrite adviser, the greedy minister Laluksola Borphukan ............... just because of love of the people of his kingdom loved him a lot, helped him to enjoy that victory. That was the victory of the people, truth against devil. Reference for Loraraja: https://en.wikipedia.org/wiki/Sulikphaa

১২২৬ খৃষ্টাব্দত চাওলুং চ্যুকাফাই সুদূৰ মাওলুংৰ(চীনদেশৰ য়ুনান ৰাজ্য) পৰা আহি পাটকাই পৰ্ব্বত পাৰ হৈ ১৬ আঘোণ তাৰিখে তিপামৰ দেওশালি পাহাৰত উপস্থিত হৈছিলহি ৷দিহিং নদীৰ পাৰত থকা 'তি' মানে "ওখ"আৰু 'পাম" মানে হাবি বন মুকলাই খেতিৰ উপযোগী কৰা “ঠাই" অৰ্থাৎ ওখ ঠাই তিপাম |দিহিঙৰ পাৰত ভৰি দিয়েই ছ্যুকাফা আৰু তেওঁৰ অনুগামী সকলে গভীৰ ভাৱে উপলব্ধি কৰিব পাৰিছিল সেই ঠাইৰ গুৰুত্ব ৷ তেওঁলোকৰ পিতৃগৃহতে এৰি অহা মেকং উপত্যকাৰ সৈতে এই ঠাইৰো মাটি, পানী আৰু জলবায়ু প্ৰায় একেই ৷ পানী আৰু মাটিৰ জ্ঞান থকা দূৰদৰ্শী ছ্যুকাফাই অতি সহজে বুজিব পাৰিছিল ইৰাৱতীৰ (নামকিউ) , দিচাং(নামখুন্) আৰু ব্ৰক্ষ্মপুত্ৰৰ (নাম-টিলাও) উৰ্বৰ মাটিৰ মাজতে বিচাৰি পাব ৷ তাই আহোমৰ ধৰ্মমতে সেৱা পূজা দিবৰ বাবে দেওশাল প্ৰতিষ্ঠা কৰি তিপামতে তেওঁ থাকিবলৈ লয়, সেইমতে তিপাম পাহাৰৰ নাম দেওশালী হৈ পৰে ৷ দেৱতা (ফী) আৰু স্বৰ্গাগত পুলিন পুথাও সকলৰ আত্মাৰ সন্তুষ্ট হ'ল কোনো অমঙ্গলে চুব নোৱাৰে, আহোমসকলৰ এই বিস্বাসে ৷ সেয়েহে বলি বিধান আগবঢ়াই বছৰি তিপামৰ দেওশালত পূজা-সেৱা কৰা হৈছিল বুলি আহোম বুৰঞ্জীয়ে কয় ৷ সমগ্ৰ তাই জাতিৰ মৌলিক চৰিত্ৰত এটা কথা সামগ্ৰিকভাৱে লক্ষ্য কৰা যায় যে আজন্ম খেতিয়ক তাইসকলে সাধাৰণতে দ অঞ্চলত চাংঘৰ পাতি বাস কৰে আৰু শালি খেতি কৰে ৷ তেওঁলোকে পানী খেতি কৰে আৰু নদীয়ে সাৰুৱা কৰা অঞ্চলবোৰত বাস কৰে ৷ শালি খেতিৰ জৰিয়তে তিপামত নিজৰ প্ৰভাৱ বিস্তাৰ কৰা চাওলুং চ্যুকাফাই তাৰ পিছতই তেওঁ নিজৰ মৰমৰ বগা ঘোঁৰাটো বলি দি ম্যুং-ডুম-ছুন-খান অৰ্থাত্‌ সোনালী শস্যৰ দেশত তেওঁৰ প্ৰথমটো অস্থায়ী ৰাজধানীৰ স্থাপন কৰে আৰু লগতে স্থাপন কৰে তিপামৰ বুঢ়াডাঙৰীয়া থান ৷ চাওলুং চ্যুকাফাই এই অস্থায়ী ৰাজধানীৰ পৰাই অসমৰ ৬০০ বছৰীয়া আহোম ৰাজত্বৰ আৰম্ভ কৰি বৰ অসমৰ ভেটি গঢ়ি তুলিছিল ৷
ডিব্ৰুগড় জিলাৰ ভাদৈপাঁচআলি আৰু নাহৰকটীয়া মাজৰ বুঢ়িদিহিঙৰ পাৰত তিপাম আৰু তিপাম ফাকিয়াল গাঁৱেই বৰ্তমান আহোমৰ প্ৰথম অস্থায়ী ৰাজধানী তিপামৰ সাক্ষ্যৰ বহন কৰি আছে, ঐতিহ্যস্থলী তিপাম পৰিসৰ বৰ্তমানৰ গাঁও দুখনৰ ওপৰিও দুলিয়াজান, ডিগবৈকে আদি কৰি এক বৃহত্তৰ অঞ্চল জুৰি আছিল ।

তিপামৰ ভাদৈ অঞ্চলৰ প্ৰতিস্থাক লৈ এক ঐতিহাসিক কাহিনী মুখে মুখে বাগৰি অহা তিপাম বা ভাদৈ অঞ্চলৰ বয়সীয়াল লোকসকলে জানে, আজি তাকে আপোনালোকৰ মাজলৈ আৰু নবপ্ৰজন্মৰ বাবে আগবঢ়াই দিলো । ল’ৰা ৰজা বা চুলিকফাৰ সময়ত আহোমৰ ৰজা হোৱাৰ যোগ্যতা অংগক্ষত নোহোৱাক লৈ চুলিকফাৰ শাসনকাল আৰু লালুক সোলা বৰফুকনে ৰজা হ’ব পৰা যোগ্য আহোমসকলৰ অংগক্ষতৰ বাবে গোটেই ৰাজ্যত গুপ্তঘাটক মেলি দিছিল ৷ উল্লেখ্য যে এই সময়চোৱা বৰ অত্যাচাৰী শাসনৰ সময় আছিল আৰু এই সময়তে আহোমে গুৱাহাটীও প্ৰায় হেৰুৱাব লগা হৈছিল ৷ তুংখঙীয়া ফৈদৰ ৰাজকোঁৱৰ গদাপানীও সেইবাবে আত্মগোপন কৰি ৰজাৰ বিৰুদ্ধে যুঁজিবৰ বাবে নতুন সৈন্যদল একত্ৰিত কৰি আছিল ৷ এনে সময়তে কোঁৱৰ গদাপাণিয়ে আত্ম গোপন জয়পুৰৰ পৰা নাম চাঙলৈ যোৱা আলিৰ ওচৰত ল’ৰা ৰজাৰ সৈন্যৰ হাতত ধৰা পৰিবলৈ উপক্ৰম হৈছিল । ল’ৰা ৰজাৰ চাউদাং তেওঁ যোৱা বাটৰ ফালে যাওঁতে তেওঁ সেই সময়ত সেই ঠাইৰ এজোপা প্ৰকাণ্ড ডাঙৰ গছৰ তলত বহি আছিল । “ৰহণ” পথাৰৰ পৰা মাছ বেছিবলৈ আহিছিল ৰহদৈ, তিপাম নামৰ ঠাইৰ পৰা ভাদৈ আৰু শ’লগুৰিৰ পৰা অহা আঘোণী নামৰ তিনিজনী পোহাৰীয়েও সেই সময়ত সেই গছজোপাৰ কাষতে জিৰাইছিল। তিনিজনী পোহাৰীয়ে গদাপানীক চিনিব পাৰি; গদাপাণিৰ কথামতে নিজৰ গাৰ চাদৰেৰে তেওঁক ঢাকি নিজৰ স্বামী আজি ডাঙৰ বেমাৰত পৰি মৰিল বুলি ডিঙিত ধৰা ধৰি কৰি ইনাই- বিনাই কান্দিবলৈ ধৰিলে আৰু ল’ৰা ৰজাৰ সৈন্যই সঁচাকৈয়ে মৰা মানুহ বুলি ভাবি সেই ঠাই এৰি গুচি গৈছিল। পৰৱৰ্তী সময়ত গদাপাণিয়ে অন্যায়ী শাসনকৰ্তাসকলক হৰুৱাই ৰজা হৈ আহোম নিয়মমতে ‘ চুপাতফা’ আৰু হিন্দুমতে গদাধৰ সিংহ নাম ল’লে ৷ স্বৰ্গদেউ গদাধৰ সিংহই কৃতজ্ঞতাৰ চিন স্বৰূপে তিপামৰ পোহাৰীক এই তিপামতে মাটি- বাৰী দি নগৰ পাতি দিছিল, যাক বৰ্তমানও “ভাদৈ নগৰ” নামেৰে জনা যায়।ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ পৰা প্ৰায় ১১ কিঃমিঃ আৰু ডিগবৈৰ পৰা প্ৰায় ২১ কিঃমিঃ নিলগত বৰ্তমানৰ ভাদৈ নগৰ, দেওঁশালী পাহাৰৰ পৰা যাৰ দুৰত্ব প্ৰায় ৮ কিঃ মিঃ ৷ বৰ্তমান ভাদৈ নগৰ এখনি গাওঁ আৰু ভাদৈ-নগৰলৈ যোৱাৰ পথটিৰ পাঁচটা আলি হোৱাৰ হেতুকে বৰ্তমান অঞ্চলটিৰ না ভাদৈ পাঁচ আলি বুলি জনাজাত হৈ পৰিল ৷ বৰ্তমান ভাদৈলৈ আহিলে ১৯৫০ চনত স্থাপিত কৰা এখনি বিদ্যালয় পাব যাৰ নাম:- ভাদৈ উচ্চ মাধ্যমিক বিদ্যালয় আৰু বিদ্যালয়ৰ সন্মুখতে তিনিজনী পোহাৰীৰ আৰু তেওঁলোকৰ গাৰ কাপোৰেৰে ঢাকি থোৱা গদাপানী মূৰ্তী দেখিবলৈ পাব, যাক ত্ৰিমূৰ্তী বুলিও স্থানীয়্ভাৱে কোৱা হয় । ভাদৈ নগৰত আছে গদাধৰ সিংহই খন্দা এটা বৰপুখুৰী-গদাধৰ সিংহ পুখুৰী বুলি জনাজাত, ভাদৈ নগৰৰ ভিতৰলৈ প্ৰায় তিনি কিঃমিঃ মান গ’লেই পোৱা যায় । সেই ভাদৈ নগৰৰ পুখুৰীৰ ওচৰৰ পৰা দুলিয়াজান-ডিগবৈ পথ সংলগ্ন এটি আলি আছে যাক ৰজাআলি বুলি কোৱা হয় | গদাধৰ সিংহৰ পুখুৰীটো য’ত অৱস্থিত সেই ঠাইৰ বৰ্তমানৰ নাম চপাতলি, ‘চে’ মানে ‘নগৰ’, ‘পাত’ মানে ‘কটা’, আৰু ‘লি’ মানে ‘আলি’ অৰ্থাত্‍ হাবি কাটি আলি বন্ধাই পতা নগৰ । পুখুৰীটোৰ আগলৈ এখন ঐতিহ্যস্থলীত চপাতলিত ডাঙৰীয়া থান আছে য’ত প্ৰতিবছৰে জেঠ মাহত “গেনা সবাহ” নামৰ এক পূজাৰ আয়োজন কৰে। সেই সবাহত এহাল ৰঙা কুকুৰা, মাইকী ক’লা গাহৰি, কণী ভাজি, তামোল- পাণ, সাজ আদিৰে পূজা- অৰ্চনা কৰে। সবাহৰ দিনা সেই ঠাইলৈ যোৱা আলহী ঘূৰি যাবলৈ দিয়া নহয়। সবাহৰ দিনা জাবৰ- জোঁথৰ বাহিৰত পেলাবলৈ দিয়া নহয়, কাপোৰ- কানি ধোৱা নহয় আৰু সেই দিনাই যিমান পাৰি পানী তুলি আনি থৈ পাছদিনা সেই পানীখিনিৰে গা ধোৱা হয়। এই সবাহৰ জৰিয়তে ৰাইজৰ সকলো অপায়- অমংগল দূৰ কৰি গোটেই বছৰটো কুশলে থাকিবলৈ মংগল কামনা কৰা হয়।

29/01/2026
23/10/2025
14/10/2025
14/10/2025

ধানেই আমাৰ লখিমী।। পথাৰত চাঁকি জ্বলাই পোহৰাই থৈ আহিছে আইতাই..

01/10/2025

😀😀😀😀😀

07/04/2025
03/04/2025
03/04/2025

Address

Bhadoi Panchali
Dibrugarh
786191

Website

Alerts

Be the first to know and let us send you an email when Bhadoi Panchali ভাদৈ পাঁচআলি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bhadoi Panchali ভাদৈ পাঁচআলি:

Share